ৰাজ্যত সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ হ’ব সান্ধ্য আইন, সোনকালে পাব ইন্টাৰনেট

News

গুৱাহাটী: আজিৰপৰা অসমজুৰি প্ৰত্যাহাৰ হ’ব সান্ধ্য আইন। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰতিবাদৰ ফলত ৰাজ্যৰ কেইবাখনো চহৰত সান্ধ্য আইন জাৰি কৰা হৈছিল। পৰিস্থিতি উন্নত হোৱাত দিনৰ ভাগত প্ৰত্যাহাৰ কৰা সান্ধ্য আইন সম্পূৰ্ণৰূপে গুৱাহাটী মহানগৰীকে ধৰি সকলোতে নিশাভাগলৈ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

ইয়াৰোপৰি, মঙলবাৰৰ পৰা উপলব্ধ হ’ব ব্ৰডবেণ্ড ইন্টাৰনেট সেৱা। ৰাজ্য প্ৰশাসনে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও, টুইটাৰযোগে এই কথা সদৰী কৰিছে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সমগ্ৰ অসমত প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত ১১ ডিচেম্বৰত ৰাজ্য চৰকাৰে প্ৰতিবাদক নিয়ন্ত্ৰণ কৰাৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি ১০খন জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰি থৈছিল । (INDIA ONLINE)

62 Days ago