A part of Indiaonline network empowering local businesses Chaitra Navratri

ৰাজ্যত H3N2-ত আক্ৰান্ত ৰোগী চিনাক্তৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ বিভিন্ন কাৰ্যপন্থা গ্ৰহণ

News

ৰাজ্যত H3N2 ত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন কাৰ্যপন্থা গ্ৰহণৰ লগতে চিকিৎসাৰ বাবে নিৰ্দেশনামূলক নীতি প্রকাশ কৰিছে। ঋতুকালীন ইনফ্লুয়েঞ্জা ৰোগৰ প্ৰতি লক্ষ্য ৰাখি Integrated Disease Services Programme চমুকৈ IDSP ৰ সৈতে একত্ৰিত হৈ ৰাজ্যখনত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ ওপৰত স্বাস্থ্য বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে। IDSP ৰ অধীনৰ জিলা নিৰীক্ষণ বিষয়াসকলে কেন্দ্ৰীয় চৰকাৰ আৰু ICMR ৰ দ্বাৰা প্ৰস্তুত কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ প্ৰতিখন জিলাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈছে। H3N2 ৰোগ নিয়ন্ত্ৰণৰ বাবে হাত ধোৱাৰ লগতে কাহ আৰু হাঁচি মাৰোতে সঠিক স্বাস্থ্য বিধি মানি চলিবলৈ স্বাস্থ্য বিভাগে ৰাইজলৈ আহ্বান জনাইছে। পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিবলৈও জনসাধাৰণক আহ্বান জনোৱা হৈছে।
ইপিনে, চিকিৎসা মহাবিদ্যালয়কে ধৰি সকলো স্বাস্থ্যকেন্দ্ৰত পৰীক্ষাৰ কিট, ঔষধ, ৰোগ নিৰ্ণয় আৰু ৰোগীৰ চিকিৎ‍সা ব্যৱস্থাপনাৰ বাবে পৰ্যাপ্ত সামগ্ৰী মজুত ৰখা হৈছে বুলিও স্বাস্থ্য বিভাগে বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। ৰাজ্যৰ সকলো জিলাতে চিকিৎসা বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, এম পি ডব্লিউ, এছ ডব্লিউ, এ এন এম, আশাকৰ্মীক অন্তৰ্ভুক্ত কৰি ৰোগৰ নিৰীক্ষণ কৰি থকা হৈছে। আনহাতে, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে সঘনাই চাবোন আৰু পৰিষ্কাৰ পানীৰে হাত ধুবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। ইনফ্লুয়েঞ্জাৰ কোনো লক্ষণে দেখা দিলে মাস্ক পৰিধান কৰিবলৈ আৰু জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। (AIR NEWS)

7 Days ago