A part of Indiaonline network empowering local businesses

ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

News

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াক ৰাজভৱনত সাক্ষাৎ কৰি ৰাজ্যখনৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত ৰাজ্যপালগৰাকীৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ ৰূপায়ন সন্দৰ্ভত শ্ৰীকাটাৰীয়াক অৱগত কৰোৱায়। ইয়াৰ আগেয়ে আজি দিনৰ ভাগত ৰাজ্যপালগৰাকীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল ভ্ৰমণ কৰি চিকিৎসালয়খনৰ ৰোগীসকলৰ বাবে থকা সা-সুবিধাৰ বিষয়ে পৰ্যালোচনা কৰে। তেওঁ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক ৰোগীসকলক মধুৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰোগীসকলে আৰোগ্য লাভ কৰাৰ ক্ষেত্ৰত চিকিৎসক তথা স্বাস্থ্যত কৰ্মীৰ ব্যৱহাৰে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। এই পৰিদৰ্শনকালত আৱকাৰী আৰু পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ৰাজদীপ ৰয়ৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। (AIR NEWS)

16 Days ago