ৰাজ্যৰ বান পৰিস্থিতি ঠাই বিশেষে এতিয়াও অপৰিৱৰ্তিত হৈ আছে। ধেমাজিৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও জীয়াঢল নৈৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ ফলত এতিয়াও কিছু কিছু অঞ্চলত পৰিস্থিতি জটিল হৈ আছে। জিলাখনৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশৰ ওপৰেৰে পানী বাগৰি পৰাত গাঁতৰ সৃষ্টি হৈছে। সেয়েহে ৰাষ্ট্ৰীয় ঘাইপথটোৰে যান-বাহন চলাচলৰ সময়ত দুৰ্ঘটনাৰ আশংকা কৰি তেলিজান-বুটিকোৰ-নৰোৱাথান হৈ সৰু সৰু যান-বাহন চলাচলৰ বাবে প্ৰশাসনে আহ্বান জনাইছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ কেইবাখনো গাঁও প্লাৱিত কৰিছে। তদুপৰি ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ লগে লগে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ বিস্তৃত এলেকা প্লাৱিত হৈছে। ইফালে, বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ জলমগ্ন হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উদ্যানখনৰ বনাঞ্চল প্লাৱিত কৰাত গঁড়, হাতী, পহুকে ধৰি আন আন বন্যপ্ৰাণী আৰু বনকৰ্মীৰ মাজত সমস্যাৰ সৃষ্টি হৈছে। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে উদ্যানখনৰ ২২৩ টা বন শিবিৰৰ ৬৩ টা শিবিৰত পানী সোমাইছে। ইয়াৰে, অগৰাতলী বনাঞ্চলত ২০ টা, কঁহৰাত ২০ টা, বাগৰিত ১০টা, বুঢ়াপাহাৰত ৪টা আৰু বোকাখাত বনাঞ্চলৰ অধীনত ৩টা বন শিবিৰত পানী সোমাইছে। বিশ্বনাথ বন সংমণ্ডলৰ মুঠ ৩০ টা বন শিবিৰৰ ছটা বন শিবিৰত ছফুট পর্যন্ত পানী সোমাইছে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কাজিৰঙাৰ বন্যপ্ৰাণী নিৰাপত্তাৰ বাবে যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ টাইম কার্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উদ্যানখনৰ সহকাৰী বন সংৰক্ষকে সাংবাদিকক জানিবলৈ দিয়ে। (AIR NEWS)