A part of Indiaonline network empowering local businesses

ৰাজ্যৰ বিভিন্ন জিলাত চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ

News


ৰাজ্যৰ বিভিন্ন জিলাত আজি চলিত বছৰৰ ১ জানুৱাৰীক ভিত্তি বৰ্ষ হিচাপে লৈ চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হৈছে। মৰিগাঁও জিলা নির্বাচনী বিষয়াই আজি জাগীৰোড, লাহৰীঘাট আৰু মৰিগাঁও সমষ্টিৰ বাবে ভোটদাতাৰ তালিকা প্রকাশ কৰে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত জিলা আয়ুক্ত তথা জিলাখনৰ নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাই তালিকা প্ৰকাশ কৰে। এই তালিকা সংশ্লিষ্ট নির্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু বুথ পৰ্যায়ৰ বিষয়াৰ কাৰ্যালয় খোলা থকা অৱস্থাত জনসাধাৰণে চাব পাৰিব। প্ৰকাশিত তালিকা অনুসৰি মৰিগাঁও জিলাত এইবাৰ ৭ লাখ ১৯ হাজাৰ ৯২৭ গৰাকী ভোটদাতা আছে। ইয়াৰে ৩ লাখ ৬৪ হাজাৰৰো অধিক পুরুষ, ৩ লাখ ৫৫ হাজাৰৰো অধিক মহিলা আৰু ১১ জন তৃতীয় লিংগৰ ভোটদাতা। কাৰ্বি আংলং জিলাত ডিফু হাওৰাঘাট আৰু বোকাজান সমষ্টিৰ ৫ লাখ ১২ হাজাৰ ৩২৪ গৰাকী ভোটদাতাক সামৰি চূড়ান্ত তালিকা প্রকাশ পাইছে, ইয়াৰ ভিতৰত ২ লাখ ৫৪ হাজাৰৰো অধিক পুৰুষ আৰু ২ লাখ ৫৭ হাজাৰৰো অধিক মহিলা ভোটদাতা আছে। চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমবা বিধানসভা সমষ্টিৰ বাবে আজি চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰা হয়। জিলাখনত ৩ লাখ ১৮ হাজাৰ ৫৪৬ গৰাকী ভোটদাতা আছে। জিলা নির্বাচনী বিষয়া নিবেদন দাস পাটোৱাৰীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে লোকসভা নিৰ্বাচনৰ বাবে গঠিত বিভিন্ন নির্বাচনী কোষৰ বিষয়ববীয়াসকলক ইতিমধ্য প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্রদান কৰা হৈছে। শিৱসাগৰ জিলাত আজি আয়ুক্ত আদিত্য বিক্রম যাদৱে জিলা নির্বাচনী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সর্বদলীয় সভাত চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰে। এই তালিকা অনুসৰি জিলাখনত ৩ লাখ ৮৩ হাজাৰ ৯২২ গৰাকী ভোটদাতা আছে। জিলাখনত যুৱ প্ৰজন্ম আৰু বিশেষভাৱে সক্ষম ভোটদাতাকে ধৰি মুঠ ৩ হাজাৰ ৫৬৯ গৰাকী নতুন ভোটদাতা তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, ৮ হাজাৰ ৮৫০ গৰাকী মৃত ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে শিৱসাগৰ নিৰ্বাচনী জিলাৰ পূৰ্বৰ আমগুৰি, থাউৰা আৰু শিৱসাগৰ সমষ্টিৰ পৰিৱৰ্তে বৰ্তমান ডিমৌ আৰু শিৱসাগৰ সমষ্টিক লৈ শিৱসাগৰ নিৰ্বাচনী জিলা পুনৰ গঠন কৰা হয়। ইয়াৰ ফলত জিলাখনত ভোটকেন্দ্ৰৰ সংখ্যা পূৰ্বৰ ৫১২ৰ পৰা ৪৮১ লৈ হ্ৰাস পাইছে।
ইপিনে, বৰপেটা জিলাত আসন্ন লোকসভা নিৰ্বাচনৰ বাবে জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰা হৈছে। মন্দিয়া, চেঙা, বৰপেটা আৰু পাকা বেতবাৰী সমষ্টিৰ বাবে প্ৰকাশিত তালিকা অনুযায়ী মুঠ ভোটদাতাৰ সংখ্যা ৯ লাখ ২৭ হাজাৰ ৬২৭ গৰাকী। ইয়াৰ ভিতৰত ৪ লাখ ৭৮ হাজাৰৰো অধিক পুৰুষ, ৪ লাখ ৪৯ হাজাৰৰো অধিক মহিলা আৰু ২১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। জিলাখনত এইবাৰ ৩৮ হাজাৰ ৬৯৮ গৰাকী নতুন ভোটদাতা অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বিপৰীতে ২৫ হাজাৰ ২৫৭ গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। গোৱালপাৰা জিলাত আজি জলেশ্বৰ, গোৱালপাৰা পূব আক পশ্চিম আৰু দুধনৈ সমষ্টিৰ বাবে ৭ লাখ ৮২ হাজাৰ ৬৯০ গৰাকী ভোটদাতাক অন্তর্ভুক্ত কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। ইয়াৰে ৩ লাখ ৯০ হাজাৰৰো অধিক পুৰুষ, ৩ লাখ ৯১ হাজাৰৰো অধিক মহিলা আৰু ৯ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। (AIR NEWS)

20 Days ago