ৰাজ্যৰ ২০২০ বৰ্ষৰ খচৰা ভোটৰ তালিকা প্ৰকাশ

news

গুৱাহাটী: ‘কা’ৰ আন্দোলনৰ মাজতে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিলে ২০২০ বৰ্ষৰ খচৰা ভোটৰ তালিকা। এই ভোটাৰ তালিকামৰ্মে ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,১৯,৫০,০৯৭ গৰাকী। ইয়াৰে পুৰষ ভোটাৰৰ সংখ্যা হৈছে  ১,১২,২০,৮৯৩ গৰাকী আনহাতে মহিলা ভোটাৰৰ সংখ্যা ১,০৭,২৮,৭৯৪ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৪১০ গৰাকী। 

উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ  চূড়ান্ত ভোটাৰৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা  আছিল ২,১৭,৬০,৬০৪ গৰাকী। ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰামতে খচৰা ভোটাৰ তালিকাৰ ক্ষেত্ৰত দাবী-আপত্তি  দাখিলৰ শেষ দিন নিৰ্ধাৰণ কৰা হৈছে অহা ২২ জানুৱাৰী। আগন্তক বৰ্ষৰ ৩ ফেব্ৰুৱাৰীৰ ভিতৰত দাবী-আপত্তিবোৰ নিষ্পত্তি কৰি ১৪ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটৰ তালিকা প্ৰকাশ কৰা হ’ব।

আনহাতে যদি কোনো অৰ্হতাসম্পন্ন ব্যক্তিৰ ভোটাৰ তালিকা তথা নিৰ্বাচন নামাৱলীত নাম অন্তৰ্ভুক্তিৰ বাবে কোনো দাবী বা আপত্তি থাকে অথবা একেটা সমষ্টিৰ ভিতৰত নাম স্থানান্তৰ কৰিব বিচাৰে তেনেহ’লে নিৰ্ধাৰিত প্ৰপত্ৰ  নং ৫, ৬(ক) ৭, ৮ আৰু ৮ (ক) পূৰণ কৰি অহা ২২-০১-২০২০ তাৰিখৰ ভিতৰত দাখিল কৰিব পাৰিব বুলি জানিব দিয়ে। ইয়াৰ ওপৰি আবেদনকাৰীয়ে অনলাইনযোগেও দাবী-আপত্তি দাখিল কৰিব পাৰিব।   (INDIA ONLINE)

64 Days ago