A part of Indiaonline network empowering local businesses

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ বাবা বৈদ্যনাথ মন্দিৰ দৰ্শন

News

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি দেওঘৰ ভ্ৰমণ কৰাৰ লগতে দেশৰ ১২ টা জ্যোতিলিংগৰ অন্যতম বাবা বৈদ্যনাথ মন্দিৰত সেৱা জনাই সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰে। ঝাড়খণ্ডৰ ৰাজ্যপাল চি. পি. ৰাধাকৃষ্ণণ, কেন্দ্রীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু সাংসদ নিশিকান্ত ডুবেই ৰাষ্ট্ৰপতিগৰাকীক দেওঘৰ বিমানবন্দৰত আদৰণি জনায়। উল্লেখযোগ্য যে, ঝাড়খণ্ড উচ্চ ন্যায়ালয়ৰ নতুন ভৱনটো আনুষ্ঠানিকভাবে মুকলি কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্রীমতী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে ঝাড়খণ্ডত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ আই আই আই টি ৰাঁচীৰ দ্বিতীয় সমাৱৰ্তনতো অংশগ্ৰহণ কৰিব। (AIR NEWS)

16 Days ago