A part of Indiaonline network empowering local businesses

ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেচে ভাৰত আৰু চীনৰ মাজত সৃষ্টি হোৱা সংঘাত শাম কটাৰ বাবে অহ্বান

News

ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেচে ভাৰত আৰু চীনৰ মাজত সৃষ্টি হোৱা সংঘাত শাম কটাৰ বাবে অহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ মুখপাত্র ষ্টিফেন দুৰ্জেৰিকে কালি এখন সাংবাদিক মেলত সোধা এটা প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰে। শ্ৰী দুৰ্জেৰিকে কয় যে ভাৰত আৰু চীনৰ মাজত হোৱা সংঘাতৰ বাতৰি সম্পৰ্কে ৰাষ্ট্ৰসংগ অৱগত হৈছে আৰু এই সংঘাত বৃদ্ধি হোৱাটো উচিত নহয়। শুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ তাৱাং অঞ্চলত দুয়ো দেশৰ সেনাবাহিনীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ সময়ত ৰাষ্ট্ৰসংঘৰ পৰা এইদৰে আহ্বান জনোৱা হয়। এই সংঘৰ্ষৰ ফলত দুয়ো পক্ষৰ সেনা জোৱান সামান্যভাবে আহত হয়। (AIR NEWS)

357 Days ago