A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰিয়ানৰ বেটিং বিক্ৰমত বিধ্বস্ত মুম্বাই ইণ্ডিয়ানছ, একক প্ৰচেষ্টাৰে ৱাংখেড়েত দৰ্পচূৰ্ণ কৰিলে মুম্বাইৰ

news

IPL 2024ত ৰিয়ান পৰাগৰ ক্ৰমাগত দ্বিতীয়টো অৰ্ধ শতক অৰ্জন। ৰিয়ানৰ বেটিং বিক্ৰমেৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ৬ উইকেটত জয় লাভ। ক্ৰমাগত তৃতীয়টো পৰাজয় মুম্বাইছ ইণ্ডিয়ানছৰ। ইয়াৰ বিপৰীতে একেৰাহে তিনিখন খেলত জয় ৰাজস্থান ৰয়েলছৰ। ৩৯টা বলত ৫৪ ৰাণ কৰি অপৰাজিত হৈ থাকিল ৰিয়ান পৰাগ। ৫টা চাৰি আৰু তিনিটা ছয়েৰে নিজৰ আকৰ্ষণীয় ইনিংছ সজালে ৰিয়ানে।

এই দমনীয় প্ৰদৰ্শনেৰে ৰিয়ানে নিজৰ দখললৈ আনিলে অৰেঞ্জ কেপ। ৱাংখাড়েত ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী হ’ল হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলটো। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি ৯টা উইকেট হেৰুৱাই ১২৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছে ১৫ অভাৰ ৩টা বলত ৪টা উইকেট হেৰুৱাই ১২৭ ৰান সংগ্ৰহ কৰি জয় লাভ কৰে।

11 Days ago