आपकी जीत में ही हमारी जीत है
Promote your Business

‘কাঞ্চনজংঘা’ সফলতাৰ পাছত জুবিন গাৰ্গৰ ‘অঘাইতং’

news

গুৱাহাটী: কাঞ্চনজংঘাৰ অভূতপূৰ্ব সফলতাৰ পাছত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে পৰৱৰ্তী ছবিৰ বাবে যো জা চলাইছে । দেওবাৰে মহানগৰীত ‘ইম্পৰিয়েল ব্লু’ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত ব্যতিক্ৰমী ৰূপত দেখা গ’ল শিল্পীগৰাকীক। জনপ্ৰিয় শিল্পীজনে তেওঁৰ পৰৱৰ্তী হাস্যমধুৰ চলচ্চিত্ৰ অঘাইতংৰ বিষয়ে উল্লেখ কৰি কয় - দৰ্শকে ছবিগৃহলৈ গৈ চলচ্চিত্ৰসমূহ উপভোগ কৰক। মোৰ পৰৱৰ্তী হাস্যমধুৰ চলচ্চিত্ৰ ‘অঘাইতং’ত কে কে আৰু মোহনকো অভিনয়ৰ বাবে সুযোগ দিম।

আনহাতে ইম্পৰিয়েল ব্লু’ৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘মেন উইল বি মেন’ শীৰ্ষক অনুষ্ঠানটোত অংশগ্ৰণ কৰি জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপ’ষ্টৰ কে কে চৰিত্ৰ ৰূপায়ণ কৰা সিদ্ধাৰ্থ শৰ্মা আৰু মোহনৰ চৰিত্ৰ ৰূপায়ণ কৰা দীপজ্যোতি কেওটে কয়- “আজিৰ অনুষ্ঠানটো কিছু ব্যতিক্ৰম হ’ব। আমি জুবিন দাৰ লগত আগতে একেখন মঞ্চত এনেকুৱা অনুষ্ঠান কৰা নাই। এনেকুৱা অনুষ্ঠান পৰিৱেশন কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছো।”

উল্লেখযোগ্য যে বলিউদৰ প্ৰখ্যাত গায়ক আৰু তাৰকা বিশাল, শেখৰ, সুনীল গ্ৰ’ভাৰ, জচ্চি গীল, জুবিন গাৰ্গ, বি প্ৰাগ, কেকে আৰু মোহনেও এই মনোৰঞ্জনকৰ অনুষ্ঠানটোত অনুষ্ঠান পৰিৱেশন কৰে। (INDIA ONLINE)

220 Days ago

Download Our Free App

Advertise Here