आपकी जीत में ही हमारी जीत है
Promote your Business

‘কা’ৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ প্ৰফুল্ল মহন্তৰ

news

গুৱাহাটী: নাগৰিকত্ব সংশোধনী আইনক লৈ পুনৰ বিস্ফোৰণ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ। ‘কা’ জাপি দিলে উত্তৰ পূৱৰ লোক ত্ৰিপুৰাৰ দৰে সংখ্যালঘুত পৰিণত হ’ব। থলুৱা লোকে ভাষা-সংস্কৃতি, ৰাজনৈতিক অধিকাৰ সকলো হেৰুৱাব বুলি মন্তব্য কৰে মহন্তই। 

১৯৪৯ চনত ভাৰতৰ লগত চামিল হোৱাৰ পিছত ত্ৰিপুৰাৰ জনগাঁথনি সলনি হ’ল। পিছে বাংলাদেশী প্ৰব্ৰজনে ত্ৰিপুৰী লোকৰ সকলো অধিকাৰ কাঢ়ি নিলে। শেষত গৈ ত্ৰিপুৰাত মুখ্যমন্ত্ৰীৰ পদতো অধিস্থিত হ’ল এগৰাকী বাংলাদেশী প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কয়।

অসম গণ পৰিষদৰ নেতৃত্বৰ পৰিৱৰ্তনক লৈয়ো মন্তব্য প্ৰকাশ কৰে প্ৰফুল্ল মহন্তই। এই ‘কা’ৰ সমৰ্থন আৰু বিৰোধিতাক লৈ এতিয়া অসমৰ আঞ্চলিক দলটোৰ মাজতো বিভাজন আহি পৰিছে। আনকি বহু জিলা সমিতিয়ে বিচাৰিছে দলটোৰ নেতৃত্বৰ পৰিৱৰ্তন। সেয়ে অনতিপলমে নেতৃত্বৰ পৰিৱৰ্তনো দেখা পাব অসমৰ লোকে।

মহন্তই কয় যে ‘আমি সন্ত্ৰাসবাদীৰ সহায়ত চৰকাৰ গঠন কৰা নাই, বৰঞ্চ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যুঁজ কৰিছো। তেওঁলোকে বহু নীৰিহ অসমীয়া লোকক হত্যা কৰিছে। আনকি নগেন শৰ্মাৰ দৰে লোককো আমি হেৰুৱাবলগীয়া হৈছে।’  (INDIA ONLINE)

272 Days ago

Download Our Free App

Advertise Here