“নতুন ৰাজনৈতিক বিকল্প হ’লে ২০২১ত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজিম”

news

গুৱাহাটী: ‘বিজেপিৰ প্ৰতি অসমবাসীৰ আস্থা হেৰাই গ’ল। বিশ্বাসঘাটক মুখ্যমন্ত্ৰীৰূপে চিনাকি পালে সৰ্বানন্দ সোণোৱালে।’ কালি এক সংবাদমেলত বিজেপিক কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে। নতুন ৰাজনৈতিক বিকল্প হ’লে ২০২১ত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজিম বুলিও মন্তব্য কৰে গগৈয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰীজনে বিজেপিক সমালোচনা কৰি কয় - “বিজেপিয়ে আমাৰ সমাজক ভাগ ভাগ কৰিছে। এই চৰকাৰখনে গণতন্ত্ৰক বিপদাপন্ন কৰিছে৷লগতে গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে। সাংবাদিককো দমন কৰিবলৈ চেষ্টা কৰিছে। বিজেপি চৰকাৰৰ দমন নীতি দেশৰ বাবে দুৰ্ভাগ্যজনক।”

উল্লেখযোগ্য যে বুধবাৰে গোৱালপাৰাত ভোগালী বিহুৰ এক কাৰ্যসূচীত ভাগ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথে অহা ফেব্ৰুৱাৰীত এটা নতুন আঞ্চলিক দল গঠনৰ ইংগিত প্ৰদান কৰিছিল। ভৱিষ্যতৰ দিনত আমি বিকল্প শক্তি লৈ আগবাঢ়ি যাব লাগিব। অহা ফেব্ৰুৱাৰী মাহৰ পিছতে এই প্ৰক্ৰিয়া জোৰদাৰ গতিত আগবঢ়াই নিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছিল নাথে। (INDIA ONLINE)

31 Days ago