চন্দ্ৰযান-৩ ৰ প্ৰজ্ঞান ৰ'ভাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই জনোৱা অনুসৰি ভাৰতত নিৰ্মিত ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত চলাচল কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতে কালি বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে ইতিহাস ৰচনা কৰিছে। ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এয়া এটা উল্লেখযোগ্য সফলতা। ৰ’ভাৰখনৰ চকাত ভাৰতৰ ত্ৰিৰঙ্গ পতাকা আৰু ইছৰ’ৰ ল’গৰ ছবি আছে। (AIR NEWS)