গুৱাহাটী: ৰাজ্যত অব্যাহত আছে ক'ৰণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ। অসমত বৰ্তমানলৈ ২২০ গৰাকী আৰক্ষী ক'ৰণা ভাইৰাছৰ আক্ৰান্ত হৈছে। ‘আৰক্ষীৰ দেহত ক’ভিড ১৯ পজিটিভ হোৱাৰ স্বত্বেও অসম আৰক্ষীয়ে দৃঢ় মনোবলেৰে কৰ্তব্য পালন কৰিছে। আমি সমান্তৰালকৈ নিচাজাতীয় সামগ্ৰী, ড্ৰাগছ, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছো।’ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এক সংবাদমেল আয়োজন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে কৃতজ্ঞতা জনায়।
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে পুনৰ কয় -‘আমি প্ৰত্যেকদিনে ক’ভিড ১৯ ত আক্ৰান্ত আৰক্ষী বিষয়াসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও তেওঁলোকক মনোবল নেহেৰুৱাবলৈ সাহস দিওঁ। সমান্তৰালকৈ আমি তেওঁলোকৰ পৰিয়ালৰো চোৱা চিতাৰ লগতে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা আৰু স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছো । ’
ৰাজ্য চৰকাৰে আৰক্ষীসকলৰ সুবিধাৰ্থে শেহতীয়াকৈ ডেৰগাঁৱত ২৬ বিচনাযুক্ত এটা ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰা হৈছে বুলিও জানিব দিয়ে তেওঁ। ইয়াৰোপৰি মৰিগাওঁ জিলাৰ ১৬ এ পি(আই আৰ) বি এন শিবিৰত এখন হাস্পতালৰ কাম চলি থকা বুলি মহন্তই জানিব দিয়ে। (INDIAONLINE)