দেশত বৰ্তমানলৈ ৮২ লাখ ৬৩ হাজাৰতকৈও অধিক লোকক কোৱিড-১৯ ভেকচিন প্ৰদান কৰা হৈছে। আনহাতে দেশত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৭.৩১ শতাংশলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত মুঠ ১১,১০৬ গৰাকী লোক সুস্থ হৈ উঠিছে। ইয়াকে লৈ দেশত এতিয়ালৈ ১ কোটি ৬ লাখ ১১ হাজাৰতকৈও অধিক লোকে কোৱিডৰ পৰা আৰোগ্য লাভ কৰিছে। যোৱা ২৪ ঘণ্টাত ১২ হাজাৰ ১৯৪ জন লোক নতুনকৈ কোৱিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। (AIR)