A part of Indiaonline network empowering local businesses
Chaitra Navratri

Arvind Kejriwal : তিহাৰত কাৰ কাষত থাকিব কেজৰিৱাল, কি কি সুবিধা পাব, কি থাকিব খাদ্যৰ তালিকাত?

news

দিল্লীৰ আবকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক ১৪ দিনৰ বাবে জে’ললৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে ৰাউছ এভিনিউ আদালতে। ১৫ এপ্ৰিললৈ তিহাৰ জে’ল হ’ব কেজৰিৱালৰ ঠিকনা। জে’লত থকা অৱস্থাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দৈনিক কি কৰিব পাৰিব, কি কৰিব নোৱাৰিব, তাক লৈ সৃষ্টি হৈছে কৌতুহল।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, তিহাৰৰ দুই নম্বৰ চেলত থাকিব আম আদমি পাৰ্টীৰ মুৰব্বীগৰাকীৰ বাবে। কেজৰিৱালৰ কাষৰ চেল এক নম্বৰত আছে তেওঁৰ মন্ত্ৰীসভাৰ প্ৰাক্তন সদস্য মনীষ ছিছ’ডিয়া। আবকাৰী গোচৰতে মনীষ ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ উপৰি দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন আছে সাত নম্বৰ চেলত। আৰু পাঁচ নম্বৰ চেলত আছে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। আনহাতে, ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেত্ৰী তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাৰ বাবে অনুমোদিত তিহাৰৰ মহিলা বিভাগৰ ৬নং চেল।

তিহাৰৰ আন কাৰাবন্দীসকলৰ দৰেই দৈনিক পুৱা চাৰে ৬ বজাত টোপনিৰ পৰা উঠিব লাগিব কেজৰিৱাল। পুৱা তেওঁক দিয়া হ’ব একাপ চাহ আৰু কেইখনমান পাউৰটি। তাৰ পিছত স্নান কৰিব পাৰিব তেওঁ। স্নানৰ পিছত কেজৰিৱালক প্ৰায় দুঘণ্টা সময় দিয়া হ’ব অধিবক্তাসকলক দেখা কৰাৰ বাবে। আৰু যদি আদালতলৈ যোৱাৰ প্ৰয়োজন থাকে, তেন্তে যাব পাৰিব।

11 Days ago