A part of Indiaonline network empowering local businesses

India's compound archery team wins gold at the World Youth Archery Championships

news


ভাৰতৰ ১৮ বছৰ অনুৰ্ধ্বৰ কম্পাউণ্ড দলে কালি আয়াৰলেণ্ডৰ লিমাৰিকত অনুষ্ঠিত বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপত আমেৰিকাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি স্বর্ণপদক অৰ্জন কৰে। ঐশ্চর্য শৰ্মা, অদিতী স্বামী আৰু একতা ৰাণীক লৈ গঠিত দলটো প্রথম অৱস্থাত পিছ পৰি থাকে যদিও পাছত সুন্দৰ প্ৰদৰ্শনেৰে প্রত্যাবর্তন কৰি অলিভিয়া ডিন, লিক' ওৰেলা আৰু লিন ড্ৰেকক ২১৪-২১২ ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত ভাৰতে এতিয়ালৈকে দুটা স্বর্ণপদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে প্রিয়াংশ আৰু অৱনীত কৌৰে যোৱা বুধবাৰে জুনিয়ৰ মিক্সড কম্পাউণ্ড শাখাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন কৰিছিল। ইয়াৰ উপৰি ভাৰতৰ মানৱ যাদৱ আৰু ঐশ্চৰ্য শৰ্মাই কেডেট মিক্সড কম্পাউণ্ড শিতানত মেক্সিকোক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। (AIR NEWS)

80 Days ago