ভাৰতীয় কিশোৰীৰ তিলোত্তমা সেনে ইজিপ্তৰ কাইৰ'ত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলছ শিতানত ব্ৰঞ্জৰ পদক লাভ কৰিছে। ১৪ বছৰীয়া সেনে ভাৰতৰ হৈ দ্বিতীয়টো আৰু সামগ্ৰিকভাৱে পঞ্চমটো ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ২৬২ স্কৰ কৰি শীৰ্ষ ৮ টা স্থানৰ তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। সোণৰ পদকৰ বাবে হোৱা প্ৰতিযোগিতাত তেওঁ দশমিক শূণ্য একৰ এটা নূন্যতম ব্যৱধানত পৰাজয় বৰণ কৰে। গ্রেইট ব্ৰিটেইনৰ চেওনাইড মেকিনটোছে স্বৰ্ণ আৰু ছুইজাৰলেণ্ডৰ অলিম্পিক চেম্পিয়ন নিনা ক্রিস্তেনে ৰূপৰ পদক অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। ভাৰতৰ ৰুদ্ৰাংক্স পাটিলে পুৰুষৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক লাভ কৰাৰ পাছত প্ৰতিযোগিতাৰ তৃতীয় দিনটো ভাৰতৰ বাবে এক লাভজনক দিন হিচাপে পৰিগণিত হয়। ভাৰতে তিনিটা সোণৰ পদক লাভ কৰি পদক তালিকাৰ শীৰ্ষ স্থানত আছে আৰু আন তিনিটা স্থান ক্রমে হাংগেৰী, ব্ৰিটেইন আৰু শ্লাভাকিয়াই লাভ কৰিছে। আগন্তুক দিনবোৰত আৰু চাৰিখন চূড়ান্ত খেল অনুষ্ঠিত হ'ব। (AIR NEWS)