প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিমুদ্ৰাকৰণে ক’লা ধনৰ লেনদেন হ্ৰাস কৰাৰ লগতে আয়কৰ দাতাসকলৰ দায়বদ্ধতা বৃদ্ধি কৰি এই ক্ষেত্ৰত সমগ্ৰ ব্যৱস্থাটোতে স্বচ্ছতা আনিছে। এটা টুইট যোগে মোদীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত সহায় হৈছে। উল্লেখযোগ্য যে চাৰি বছৰৰ পূৰ্বে অৰ্থাৎ ২০১৬ চনৰ ৮ নৱেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্নীতি আৰু ক’লা ধনৰ লেনদেন ৰোধ কৰাৰ বাবে তৎকালীন ব্যৱস্থা হিচাপে বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল। এই ব্যৱস্থাই সৰ্বসাধাৰণ লোকক দুৰ্নীতি, ক’লা ধন আৰু নকল নোটৰ প্ৰচলনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছিল। (AIR NEWS)