A part of Indiaonline network empowering local businesses
Chaitra Navratri

SSCৰ অধীনৰ CHSL আৰু MTS পৰীক্ষা ১৫টা আঞ্চলিক ভাষাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত

news

কেন্দ্ৰীয় চৰকাৰ বিভিন্ন পদৰ কাৰণে কৰ্মচাৰী চয়ন আয়োগ অর্থাৎ SSCৰ অধীনত অনুষ্ঠিত হোৱা চি এইচ এছ এল আৰু এম টি এছ পৰীক্ষা এতিয়াৰে পৰা অসমীয়াকে ধৰি ১৫টা আঞ্চলিক ভাষাত অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ এই সিদ্ধান্তই অসমৰ যুৱক-যুৱতীসকলক বিশেষভাবে উৎসাহিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গ্ৰহণ কৰা এনেধৰণৰ সিদ্ধান্তই যুৱ প্ৰজন্মৰ সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। উল্লেখযোগ্য যে পূর্বতে কেৱল হিন্দী আৰু ইংৰাজীত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। এইবাৰৰ পৰা হিন্দী আৰু ইংৰাজীৰ বিপৰীতে আন ১৩টা ভাষাত গুৰুত্বপূৰ্ণ এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা ২ মে'ৰ পৰা এম টি এছ পৰীক্ষা ১৫টা ভাষাত অনুষ্ঠিত হ'ব। একেদৰে চি এইচ এছ এল পৰীক্ষাও ১৫টা ভাষাত অনুষ্ঠিত হ'ব। কৰ্মচাৰী আৰু পৰীক্ষণ বিভাগৰ কেন্দ্ৰীয় মন্ত্রী জিতেন্দ্ৰ সিঙে মঙলবাৰে এই কথা প্ৰকাশ কৰে। নতুন নিয়ম অনুসৰি হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া, বাংলা, গুজৰাটী, মাৰাথী, মালায়ালম, কানাড়া, তামিল, তেলেগু, ওড়িয়া, উর্দু, পাঞ্জাৱী, মণিপুৰী আৰু কংকনী ভাষাতো এছ এছ চিৰ অধীনৰ এই দুই পৰীক্ষা অনুষ্ঠিত হ'ব। কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে কয় যে, চাকৰিৰ ক্ষেত্ৰত ভাষাৰ বাবে যাতে কোনো বঞ্চিত হ'ব লগা নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টোৰ ক্ষেত্ৰত বিশেষজ্ঞ কমিটীয়ে পৰামৰ্শ আগবঢ়াইছে।

 
 
  (AIR NEWS)

364 Days ago