A part of Indiaonline network empowering local businesses
Chaitra Navratri

অখিল গগৈৰ জামিন আৱেদন নাকচ

news

গুৱাহাটী: জামিন আবেদন নাকচ হৈছে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ। কেইবাদিন ধৰি চলা শুনানিৰ অন্তত আজি আদালতে জামিন আৱেদন নাকচ কৰে৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কাৰাগাৰত সোমাইছিল অখিল গগৈ। তাৰ পিছতে তেওঁৰ বিৰুদ্ধে থকা গোচৰ ‘নিয়া’ৰ হাতলৈ হস্তান্তৰ কৰা হয়। 

একে অভিযোগত গ্রেপ্তাৰ কৰা অখিল গগৈৰ তিনিজন সতীর্থ ক্রমে বিতু সোণোৱাল, ধৈর্য কোঁৱৰ আৰু মানস কোঁৱৰে কিছুদিন আগত জামিন লাভ কৰিছিল। এইবাৰ অখিল গগৈয়ে জামিন লাভ কৰিব বুলি গগৈৰ অধিবক্তাই আগতীয়াকৈ আশা ব্যক্ত কৰি আহিছিল৷ 

প্রায় ৯ দিন ধৰি আদালতে দুয়োপক্ষৰ শুনানি গ্রহণৰ অন্তত আজি জামিন আৱেদন নাকচ কৰে৷ নিয়াৰ আদালতে জামিন আৱেদন নাকচ কৰাৰ লগে লগে আৰু কিমান দিনলৈ অখিল গগৈ কাৰাবন্দী হৈ থাকিব লাগিব, সেয়া অস্পষ্ট হৈ পৰিল৷ 

উল্লেখযোগ্য যে কা-বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে অখিল গগৈক গ্রেপ্তাৰ কৰাৰ পাছত মাওবাদীৰ সৈতে সম্পর্ক থকাৰ অভিযোগত নিয়াৰ গোচৰত কৃষক নেতাজন গ্রেপ্তাৰ হৈছিল৷ সম্প্রতি অসম আৰক্ষীৰ গোচৰসমূহত অখিল গগৈয়ে জামিন লাভ কৰিছে যদিও  ‘নিয়া’ৰ গোচৰত অখিল গগৈয়ে জামিন লাভ কৰিবলৈ সক্ষম নহ’ল৷ (INDIAONLINE)

1348 Days ago