A part of Indiaonline network empowering local businesses
Chaitra Navratri

অচিৰে সংসদত উত্থাপিত হ'ব পাৰে বিদ্যুত্‍ সংশোধনী বিধেয়ক

news

গুৱাহাটী: বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২০ উত্থাপনৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। বিধেয়কখন আইনত পৰিণত হ'লে শক্তি খণ্ডৰ ওপৰত কৰ্তৃত্ব হেৰুৱাব ৰাজ্য চৰকাৰে ৷

বিধেয়কখনে আইনত পৰিণত হ'লে বিদ্যুত উৎপাদন, বিতৰণ এই সকলো সিদ্ধান্ত ল’ব কেন্দ্ৰীয় চৰকাৰে৷ ভাৰতীয় সংবিধানৰ উমৈহতীয়া অধিকাৰ ৰূপে থকা শক্তি খণ্ড কেন্দ্ৰৰ হাতলৈ গ’লে জনতাৰ মূৰত পুনৰ মাধমাৰ পৰাৰ আশংকা কৰা হৈছে৷ 

এই বিষয়ে বুধবাৰে বিদ্যুত্‍ বিভাগৰ অভিযন্তা পেঞ্চন সমন্বয়ৰক্ষী সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলতে সমিতিয়ে উল্লেখ কৰে যে, শক্তিখণ্ডৰ ক্ষমতা ৰাজ্যৰ পৰা কেন্দ্ৰ চৰকাৰলৈ সম্পূৰ্ণৰূপে হস্তান্তৰ হলে দুখীয়া লোকসকলে ৰাজসাহাৰ্য্য হেৰুওৱাৰ লগতে অত্যাধিক হাৰত বিদ্যুতৰ মাছুল বৃদ্ধি হোৱাৰ আশংকা আছে৷

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে আনিবলৈ লোৱা এনে বিধেয়কৰ বাবে একেসময়তে কৰ্মচাৰী তথা ভৱিষ্যত দিনত নিয়োগৰ ক্ষেত্ৰত অসমৰ প্ৰাৰ্থী ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলিও শংকা কৰা হৈছে৷ (INDIAONLINE)

1408 Days ago