A part of Indiaonline network empowering local businesses
Chaitra Navratri

অসম চুক্তি, কা সন্দৰ্ভত মুকলি বিতৰ্কলৈ প্ৰধানমন্ত্ৰীক আহ্বান আছুৰ

news

গুৱাহাটী: সমগ্ৰ দেশত ব্যাপক জোকাৰণি তোলা নাগৰিকত্ব সংশোধনী আইন আৰু অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত মুকলি বিতৰ্কলৈ আছুৱে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

প্ৰাপ্ত তথ্য অনুসৰি, অসম চুক্তিৰ ৬ নং দফাৰ বিস্তৃত প্ৰতিবেদন দাখিলৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ একাংশ সদস্য এই চুক্তিৰ কিছু দফাক লৈ সন্তুষ্ট নহয়।  

উচ্চস্তৰীয় কমিটিখনৰ অধ্যক্ষ বিপ্লৱ মিশ্ৰই কয়, "প্ৰতিবেদন সাজু হৈ যোৱা বুলি আমি কোনো ধৰণৰ পত্ৰ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নাই আৰু তেওঁলোকেও তেনেদৰে কোনো পত্ৰ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়া নাই। আমাক ১৮ ফেব্ৰুৱাৰীত সাক্ষাতৰ বাবে মতাৰ কথা আছিল যদিও এই পৰ্যন্ত আমি কোকনো আমন্ত্ৰণ লাভ কৰা নাই।

ইফালে আছু উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়, "প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়েও সদায়েই অসমৰ ৰাইজক কৈ আহিছে যে এই উচ্চস্তৰীয় কমিটিখনৰ প্ৰতিবেদনৰ বাবে তেওঁলোক ৰৈ আছে। এতিয়া কমিটিৰ প্ৰতিবেদন সাজু হৈছে। এতিয়া কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দায়িত্ব"। (AIR NEWS)

1519 Days ago