A part of Indiaonline network empowering local businesses
Chaitra Navratri

অসম মালা আঁচনিৰ অধীনত কেইবাটাও পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ

news

ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰদান কৰা ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অংশ হিচাপে আজি বিশ্বনাথৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ কৰা হয়। বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে। কাৰ্বি আংলং জিলাতো জিলাখনৰ অভিভৱক মন্ত্ৰী যোগেন মোহনে কৃতি ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটাৰ ছাবি আৰু বাহনৰ নথিপত্ৰ বিতৰণ কৰে। জিলাখনৰ ২০২৩ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪০৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে তেওঁলোকক এই বাহনসমূহৰ সদ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। (AIR NEWS)

491 Days ago