A part of Indiaonline network empowering local businesses
Chaitra Navratri

অসমত উপস্থিত জুবিন গাৰ্গ, পত্নী আৰু সহযোগীসকল

news

গুৱাহাটী: সমগ্ৰ দেশজুৰি চলি থকা লকডাউনৰ বাবে সম্পূৰ্ণ দুটা মাহ মুম্বাইত আবদ্ধ হৈ থকাৰ পিছত কালি নিশা গুৱাহাটী আহি পাইছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। চাৰিদিন ধাৰাবাহিকভাৱে স্থলপথেৰে যাত্ৰা কৰাৰ পিছত মাজনিশা সৰুসজাইত উপস্থিত হৈছে জুবিন গাৰ্গ, তেওঁৰ পত্নী আৰু দুজন সহযোগী। 

বৰ্তমান গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত কোৱাৰেণ্টাইনত ৰখা হৈছে আটাইকেইজনকে। চিকিৎসাৰ বাবে ৮ মাৰ্চত মুম্বাইলৈ যোৱা শিল্পীজনে ৮ মে’ ত মুম্বাইৰ পৰা অসমলৈ যাত্ৰা কৰে। অৱশেষত আহি কালি অসম পায়হি। এই খবৰে স্বাভাৱিকতেই উৎফুল্লিত কৰিছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ অনুৰাগীক।

ইতিমধ্যে পত্নী গৰিমা শইকীয়া গাৰ্গে স্বভূমিত উপস্থিত হৈ ছ’চিয়েল মিডিয়াযোগে বিভিন্ন লোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে। (INDIAONLINE)

1437 Days ago