A part of Indiaonline network empowering local businesses
Chaitra Navratri

অসমত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৪০ শতাংশলৈ বৃদ্ধি

news

অসমত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৪০ শতাংশ হৈছে। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ২৮২ জন কোৱিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৫ লাখ ৯৭ হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে কালি ৬২ হাজাৰ ৫৩৬ টা নমুনা পৰীক্ষাৰ অন্তত ৩৮৪ জন লোকৰ দেহত ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে ১৪৭ জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত কালি সংক্ৰমণৰ হাৰ আছিল ০.৬১ শতাংশ। অসমত কালি ৪ জন লোকে প্ৰাণ হেৰুৱায়।

আনহাতে, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যোৱা ২৪ ঘণ্টাত ১২ জন নতুনকৈ কোৱিডত আক্ৰান্ত হয়। ইয়াকে লৈ ৰাজ্যখনত আক্ৰান্ত কোৱিড ৰোগীৰ সংখ্যা ৫৫ হাজাৰ ৪৩ লৈ বৃদ্ধি পালে। ৰাজ্যখনত বৰ্তমানলৈ ১৩৮ জন কোৱিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৪ হাজাৰ ৬২৫ জন সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে ৯৯.২৪ শতাংশ আৰু আক্ৰান্তৰ হৈছে ০.২৫ শতাংশ। এতিয়ালৈ এই ৰোগত ২৮০ জন লোকৰ মৃত্যু হৈছে। (AIR NEWS)

909 Days ago