অসমত ক’ৱিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় ১ লাখ ৩১ হাজাৰলৈ বৃদ্ধি পাইছে৷ কালিৰ দিনটোত ১,৮১৭ জন ক’ৱিড ৰোগী সুস্থ হৈ উঠিছে৷ ইফালে, ৰাজ্যখনত চিকিৎসাধীন লোকৰ সংখ্যা ২৯,৮৫৭ হৈছে৷ কালি ক’ৱিড পৰীক্ষা কৰা ২৯,৬৪৭ জন লোকৰ ভিতৰত ২,০৭৩ জনৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পৰে৷ ৰাজ্যখনত কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ৬.৯৯ শতাংশ৷ আনহাতে কালি এই ৰোগত ৮ জন লোকৰ মৃত্যু হয়৷ ইয়াৰে কামৰূপ মহানগৰ জিলাৰ ২ জন আৰু ডিব্ৰুগড়, দৰং, বৰপেটা, বঙাইগাঁও, কাছাৰ আৰু যোৰহাট জিলাৰ এজনকৈ লোকৰ ক’ৱিডত মৃত্যু হৈছে৷ কালিৰ দিনটোলৈকে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১ লাখ ৬১ হাজাৰ ৩৯৩ হৈছে৷
ইফালে, স্বাস্থ্য বিভাগে ক’ৱিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি দৈনিক ১ লাখ ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ সিদ্ধান্ত লৈছে৷ আকাশবাণী গুৱাহাটীৰ এটা অনুষ্ঠানত অংশ লৈ ৰাজ্য চৰকাৰৰ কেবাগৰাকীও শীৰ্ষ বিষয়াই এই বিষয়ে প্ৰকাশ কৰে৷ বিষয়াকেইগৰাকীয়ে কয় যে, ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ তাৰ ভিতৰত আই চি ইউৰ সংখ্যা বৃদ্ধিও অন্যতম৷ তদুপৰি ঘৰতে আছুতীয়াকৈ থকা ক’ৱিড ৰোগীসকলৰ বাবে কঠোৰ নীতি-নিয়ম ধাৰ্য কৰি দিয়া হৈছে৷ (AIR NEWS)