A part of Indiaonline network empowering local businesses
Chaitra Navratri

অসমত ক’ৱিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ১,২৯,১৩০ লৈ বৃদ্ধি

News

অসমত মুঠ ক’ৱিড আক্ৰান্তৰ ৮১.০৫ শতাংশ ৰোগী সুস্থ হৈ উঠিছে৷ কালিৰ দিনটোত ১,৭৯৫ জন লোক এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে৷ ইয়াৰ ফলত আৰোগ্য হোৱা লোকৰ সংখ্যা ১,২৯,১৩০ লৈ বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে সম্প্ৰতি ২৯,৬০৯ জন ৰোগী চিকিৎসাধীন হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৩৫,৬০৩ টা নমুনা পৰীক্ষাৰ ভিতৰত ৰাজ্যখনত ২,৬৪০ জনৰ দেহত ক’ৱিডৰ সংক্ৰমণ ধৰা পৰে৷ ইয়াকে লৈ অসমত ক’ৱিড আক্ৰান্তৰ সংখ্যা ১,৫৯,৩২০ লৈ বৃদ্ধি পায়গৈ৷ নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ভিতৰত ৫৭৪ জন কামৰূপ মহানগৰ জিলাৰ, ২৪০ জন যোৰহাটৰ, ২০৬ জন লখিমপুৰৰৰ আৰু ১৯৮ জন গোলাঘাটৰ৷
ইপিনে, কালিৰ দিনটোত পুনৰ ১৬ জন লোকে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায়৷ ইয়াৰ ফলত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুোৱা লোকৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি পায়৷ (AIR NEWS)

1305 Days ago