অসমত কালি নতুনকৈ ৮ জন লোকৰ দেহত কোৱিড-19ৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যখনত ক’ৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি পাইছে।
ইয়াৰ ভিতৰত কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান আৱাসিক এলেকাত মৃত্যু ঘটা এগৰাকী যুৱতীৰ দেহত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ নিশ্চিত হৈছে। স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কালি নিশা টুইটাৰযোগে এইকথা প্ৰকাশ কৰিছে। ক’ৰ’ণা সংক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান চৌহদ চীল কৰি দিয়া হৈছে।
ক’ৰ’ণা ভাইৰাছৰ নমুনা পৰীক্ষাত পজিটিভ পোৱা গুৱাহাটীৰ ৪ গৰাকীৰ ভিতৰত এগৰাকী হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত কনিষ্ঠ চিকিৎসক ড৹ লিথিকেশ ডি এছ।
তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আবাসৰ বাসিন্দা। চিকিৎসকজন শেহতীয়াকৈ জ্বৰ-কাঁহত আক্ৰান্ত হোৱাত নমুনা পৰীক্ষা কৰাৰ পাছত কালি তেওঁৰ দেহত ক’ৰ’ণা পজিটিভ পোৱা যায়।সেইদৰে মহানগৰীৰ চানমাৰীৰ অমিয় নগৰৰ বাসিন্দা সাৰদা দাস নামৰ এগৰাকী স্বাস্থ্যকৰ্মী এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। গুৱাহাটীত কোৱিড-19ত পজিটিভ পোৱা আনজন লোক হ’ল চাংসাৰিৰ দেৱৰাজ আচাৰ্য।মন্ত্ৰী ড৹ শৰ্মাই কৈছে যে গুৱাহাটীত আক্ৰান্ত লোককেইজনৰ ভিতৰত এগৰাকী হোম কোৱাৰেণ্টাইনত আছিল আৰু তেওঁ ৰাজ্যৰ বাহিৰৰ পৰা আহিছিল।
আনহাতে, কাছাৰ জিলাত কালি ৪ জন ক’ৰ’ণাত আক্ৰান্ত হোৱাটো নিশ্চিত হয় আৰু এই আটাইকেইজনে একেটা পৰিয়ালৰে লোক।
তেওঁলোকে বুধবাৰে বাছযোগে আজমীৰ শ্বৰিফৰ পৰা আহি শিলচৰ আই এছ বি টিত উপস্থিত হৈছিল আৰু তাত চিকিৎসা পৰীক্ষা কৰাৰ পাছত নিশাৰ ভাগলৈ নমুনা পৰীক্ষাত ক’ৰ’ণা পজিটিভ নিশ্চিত হয়।স্বাস্থ্যমন্ত্ৰী ড৹ শৰ্মাই কৈছে যে ৰাজ্যখনত এতিয়ালৈকে ক’ৰ’ণাত আক্ৰান্ত লোকসকলৰ ভিতৰত ৩৪ জন সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। (AIR NEWS)