A part of Indiaonline network empowering local businesses
Chaitra Navratri

অসমত বান পৰিস্থিতি অপৰিৱৰ্তিত

News

অসমত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। চৰকাৰী তথ্য অনুসৰি এইবাৰৰ বানত ২২ খন জিলাৰ ৬ লাখ ৪৭ হাজাৰতকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বাঢ়নী পানীয়ে হেজাৰ ২৯৫ খন গাঁৱৰ ৩৯ হাজাৰ ৪০০ হেক্টৰতকৈ অধিক কৃষিভূমি প্লাৱিত কৰিছে। জিলা প্ৰশাসনসমূহে ১০ খন জিলাত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত ৩ হাজাৰ ৫০০ তকৈও অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। পবিতৰা অভয়াৰণ্যৰ প্ৰায় ৯০ শতাংশ এলেকা বাঢ়নী পানীয়ে বুৰাই পেলাইছে।
কামৰূপ জিলাৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। কৃষি বিভাগৰ সূত্ৰ অনুসৰি জিলাখনৰ বকোৰ নগৰবেৰা আৰু সোণতলী কৃষিচক্ৰৰ প্ৰায় ৭ হাজাৰ বিঘা শালিধানৰ খেতি নষ্ট হয়। তদুপৰি দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ বাট-পথ বানৰ পানীয়ে বুৰাই পেলোৱাত যাতায়াত বিঘ্নিত হৈছে। (AIR NEWS)

960 Days ago