অসমৰ বিভিন্ন শ্ৰেণীৰ লোকে ৰাজ্যখনৰ প্ৰক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ তেওঁলোকৰ শেষ শ্ৰদ্ধা নিবেদন কৰি আছে। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত তৰুণ গগৈৰ কালি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। তেওঁৰ শৱদেহ গুৱাহাটীত থকা কংগ্ৰেছ দলৰ কাৰ্যালয়লৈ নিয়া হয়। তেওঁৰ নশ্বৰ দেহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনসাধাৰণে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে ৰখা হ’ব। দলীয়সূত্ৰসমূহে প্ৰকাশ কৰা মতে, অহা বৃহস্পতিবাৰে বৰ্ষীয়ান নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা তৰুণ গগৈৰ বিয়োগত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ লগতে কোনো ধৰণৰ ৰাজহুৱা বিনোদনমূলক অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব। (AIR NEWS)