অসমৰ ১২০ কিলোমিটাৰৰো অধিক জলপথৰ খনন কৰা হব বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। এই উদ্দেশ্যে মন্ত্ৰালয়ৰ অধীনস্থ স্বতন্ত্র সংস্থা, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধীকৰণ আৰু ভাৰতীয় ড্ৰেছিং কৰ্পৰেশ্বনৰ মাজত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ১২০ কিলোমিটাৰৰো অধিক জলপথৰ খননকার্য সূচাৰুৰূপে সম্পাদন কৰাৰ বাবে মন্ত্ৰালয়ৰ দ্বাৰা ইতিমধ্যে ২০৪ কোটি ৪৭ লাখ টকাৰ পুজি অনুমোদিত হৈছে। এই খননৰ ফলত জাহাজ আৰু ফেৰীৰ যাতায়ত ব্যৱস্থা অধিক সূচল হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিয়ে পৰিবহনৰ আটাইতকৈ সুলভ, দক্ষ, ব্যয়সাপেক্ষ আৰু সেউজ পদ্ধতিবোৰৰ ভিতৰত শক্তিশালী মাধ্যম হিচাপে পৰিচিত জলপথক ত্বৰান্বিত কৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অর্থনৈতিক তথা বাণিজ্যিক সম্ভাৱনা উন্মুক্ত কৰাত যথেষ্ট সহায় কৰিব। (AIR NEWS)