A part of Indiaonline network empowering local businesses
Chaitra Navratri

অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ডিমা হাচাও জিলাত নিৰ্মাণ হ’ব দেশৰ প্ৰথমখন বাঁহ ঔদ্যোগিক পাৰ্ক

News

ডিমা হাচাও জিলাত কেন্দ্ৰীয়চৰকাৰে দেশৰ প্ৰথমখন বাঁহ ঔদ্যোগিক পাৰ্ক স্থাপনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভকৰিছে। জিলাখনৰ মন্দেৰদিছাত ৭৫ হেক্টৰ ভূমিত ৫০ কোটি টকা ব্যয়েৰে এই পাৰ্ক নিৰ্মাণকৰা হ’ব। ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত এই পাৰ্কখন সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাহৈছে। কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে কালি মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলৰসৈতে হোৱা এখন বৈঠকৰ অন্তত এই বিষয়ে প্ৰকাশ কৰে। বৈঠকত চলিত বিত্তীয় বৰ্ষতমন্ত্ৰ্যালয়ে বাজেটত আৱণ্টিত পুঁজিৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভালেমান উন্নয়নমূলকআঁচনিত ১০০ শতাংশ পুঁজিয়েই ব্যয় কৰিবলৈ সক্ষম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। (AIR NEWS)

1511 Days ago