A part of Indiaonline network empowering local businesses

আই পি এল ক্ৰিকেটঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হাতত পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েণ্ট

News

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত এলিমিনেটৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টক ১৪ ৰানত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বাংগালোৰে নিৰ্ধাৰিত ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই ২০৭ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৰজত পাটিদাৰে ৫৪ টা বলত ১১২ ৰান কৰি আউট নোহোৱাকৈ থকাৰ বিপৰীতে দীনেশ কাৰ্তিকে ২৩ টা বলত ৩৭ আৰু বিৰাট কোহলিয়ে ২৪ টা বলত ২৫ ৰানৰ বৰঙনি আগবঢ়ায়। বাংগালোৰৰ হৈ শতক অৰ্জন কৰা ৰজত পাটিদাৰক প্লেয়াৰ অৱ দ্যা মেছ হিচাপে ঘোষণা কৰা হয়।
এই জয়ৰ সুবাদতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কাইলৈ হ’বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ’ব। খেলখনত জয়লাভ কৰা দলটোৱে একেখন ষ্টেডিয়ামতে দেওবাৰে হ’বলগীয়া প্ৰতিযোগিতাৰ ফাইনেল খেলখনত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। (AIR NEWS)

693 Days ago