A part of Indiaonline network empowering local businesses
Chaitra Navratri

আইপিএল নিৰ্ধাৰিত সূচী অনুসৰিয়েই সম্পন্ন হ'ব

news

 ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে সমাগত আইপিএল ক্ৰিকেট শৃংখলা নিৰ্ধাৰিত সূচী অনুসৰিয়েই সম্পন্ন হ’ব বুলি নিশ্চিত কৰিছে। কোৱিড-19ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰ চৰকাৰে কিছুমান নিষেধাজ্ঞা জাৰি কৰাৰ পাছত তেওঁ এই সন্দৰ্ভত প্ৰকাশ কৰে। উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত প্ৰতি শুকুৰবাৰে নিশা ৮ বজাৰ পৰা সোমবাৰৰ পুৱা ৭ বজালৈ সপ্তাহান্তিক তলাবন্ধ ঘোষণা কৰা হৈছে। অৱশ্যে বাছ, ৰে’লগাড়ী আৰু টেক্সিকে ধৰি অত্যাৱশ্যকীয় পৰিবহণ তথা জৰুৰী সেৱাসমূহ অব্যাহত ৰাখিবলৈ অনুমতি প্ৰদান কৰা হৈছে। কোৱিড-19ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কালি মন্ত্ৰীসভাৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে, ১০ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ ৱাংখাড়ে ষ্টেডিয়ামত আইপিএলৰ দহখন খেলৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ প্ৰথমখন খেল ১০ এপ্ৰিলত দিল্লী কেপিটেলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত খেলোৱা হ’ব। 

        আনহাতে, মহাৰাষ্ট্ৰ চৰকাৰে কেৱল আই পি এল প্ৰতিযোগিতাৰ খেলসমূহৰ বাবেহে অনুমতি দিয়া বুলি প্ৰকাশ কৰি এই কথা স্পষ্ট কৰি দিয়ে যে দৰ্শকসকল ষ্টেডিয়ামত উপস্থিত থাকিব নোৱাৰিব। তেওঁলোকে কেৱল ধাৰাবিৱৰণীৰ জৰিয়তেহে খেল উপভোগ কৰিব পাৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী নৱাব মালিকে প্ৰকাশ কৰা অনুসৰি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে নিজকে একেটা ঠাইতে আবদ্ধ কৰি ৰাখিব লাগিব। আনহাতে, প্ৰতিগৰাকী খেলুৱৈক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে বি চি চি আইয়ে উত্থাপন কৰা দাবীৰ সন্দৰ্ভত তেওঁ কয় যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ নিৰ্দেশনা অনুসৰি কেৱল ৪৫ বছৰৰ ঊৰ্ধ্বৰ লোকসকলকহে প্ৰতিষেধক প্ৰদান কৰিব পাৰি। এই সন্দৰ্ভত অনুমতি লাভ কৰাৰ লগে লগে আন সকলকো প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। (AIR NEWS)

1106 Days ago

Video News