A part of Indiaonline network empowering local businesses
Chaitra Navratri

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ সঞ্চালকপ্ৰধান হিচাপে ড° বসুধা গুপ্তাৰ কাৰ্যভাৰ গ্ৰহণ

news

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ড° বসুধা গুপ্তাই আজি আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৮৯ বেটছৰ বিষয়া ড° বসুধা গুপ্তাই নিজৰ ৩২ বছৰৰো অধিক সময়ৰ কাৰ্যকলাপ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে ড° গুপ্তাই নতুন দিল্লীৰ প্ৰেছ ইনফৰমেচন ব্যু’ৰৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। (AIR NEWS)

595 Days ago