মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আকাশমাৰ্গেৰে কাছাৰ জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্যৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। জিলাখনত যাতে প্ৰয়োজনীয় কোনো ধৰণৰ খাদ্যৰ নাটনি নহয়, তাৰ বাবে বিমানৰ জৰিয়তে খাদ্য সৰবৰাহ কৰাৰ বাবেও উচ্চপদস্থ বিষয়াসকলক মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিৰ্দেশ দিয়ে। উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছত বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকখনত জিলা উপায়ুক্তগৰাকীয়ে সাম্প্ৰতিক বানপানীত হোৱা ক্ষয়-ক্ষতি আৰু প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৰাজি সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই শিলচৰ নগৰৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বানপীড়িত প্ৰতিটো ৱাৰ্ডতে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তুলিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। প্ৰতিটো ৱাৰ্ডৰে বানপীড়িত লোকসকলে যাতে উপযুক্ত সাহায্য লাভ কৰিব পাৰে, তাৰ বাবে ৱাৰ্ড পৰ্যায়ত আঁচনি প্ৰস্তুত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে।
শিলচৰত খোৱাপানীৰ সমস্যা লাঘৱ কৰাৰ বাবে চৰকাৰে কাইলৈৰ পৰা দৈনিক ১ লাখ লিটাৰ পানী অনাৰ ব্যৱস্থা কৰিব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। (IMPUT FROM AIR )