A part of Indiaonline network empowering local businesses
Chaitra Navratri

আজি ক্ৰীড়া পেন্সন দিৱস উদযাপন

news

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ক্ৰীড়া পেন্সন দিৱস উদযাপন কৰে। এই উপলক্ষে দিশপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰী ব্লকৰ ভূমি মহলাৰ সভাকক্ষত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত চলিত বৰ্ষৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়াক অসম ক্ৰীড়া নীতি অনুসৰি ৫০ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে অসম চৰকাৰ উপ-আৰক্ষী অধীক্ষক পদৰ নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। তদুপৰি এই অনুষ্ঠানতে চাৰি গৰাকী সৰ্বশ্ৰেষ্ঠ এন চি চি কেডেট তেজপুৰৰ ৫ নম্বৰ আসাম বেটেলিয়ন এন চি চি কৰ্পৰেল চিন্ময় বিশ্বাস, গুৱাহাটীৰ ৬০ নম্বৰ আসাম ছোৱালী বেটেলিয়ন এন চি চিৰ কৰ্পৰেল চিন্ময় বিশ্বাস, গুৱাহাটীৰ ৬০ নম্বৰ আসাম বেটেলিয়ন এন চি চিৰ চাৰ্জেণ্ট সুকন্যা কাশ্যপ মহন্ত, ডিব্ৰুগড়ৰ ১০ নম্বৰ আসাম বেটেলিয়ন এন চি চিৰ কেডেট বিজু নমঃশুদ্ৰ আৰু কেডেট তন্ময়ী শ্ৰুতিধাৰা গগৈক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ’ব। আনহাতে, একেটা অনুষ্ঠানতে ২০২২-২৩ বৰ্ষৰ ক্ৰীড়া পেন্সনাৰসকলৰ আনুষ্ঠানিকভাৱে পেন্সন প্ৰদান কৰা হ’ব। এই ক্ৰীড়া পেন্সনপ্ৰাপকসকল হ’ল- ঝাৰখণ্ডৰ ৩৪ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ছেপাক ট্ৰাক্ৰ খেলুৱৈ ৱাই অমৃত কান্তা সিংহ, হায়দৰাবাদৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ এথলেটিকছ নতুম সিনহা আৰু ৰঞ্জিত ৰাজকুমাৰ, হায়দৰাবাদ আৰু বিশাখাপট্টনমৰ ৩২ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ টেবুল টেনিছ খেলুৱৈ মৌচুমী ভূঞা, গুৱাহাটীৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ছেপাক ট্ৰাক্ৰ খেলুৱৈ টি শ্যামলিনী দেবী, ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া ঝাৰখণ্ডৰ উশ্বু খেলুৱৈ ৰজনী দেউৰী, মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সাঁতোৰবিদ মণিকংকনা দত্তবৰুৱা আৰু পল্লৱী দত্তবৰুৱা।

594 Days ago