আজি বিশ্ব থেলাছেমিয়া দিৱস। থেলাছেমিয়া ৰোগীসকলক যথাযথ মৰ্যাদা প্ৰদানৰ লগতে এই ৰোগ আৰু ইয়াৰ লক্ষণসমূহৰ বিষয়ে সাধাৰণ লোকক সজাগ কৰি তোলাৰ লক্ষ্যৰে প্ৰতিবছৰে ৮ মে’ত বিশ্ব থেলাছেমিয়া দিৱস পালন কৰা হয়। থেলাছেমিয়া হৈছে মানৱ শৰীৰে প্ৰয়োজনীয় হিম’গ্লৱিন উৎপাদনত ব্যৰ্থ হোৱাৰ ফলত হোৱা তেজৰ একপ্ৰকাৰ বংশানুক্ৰমিক ৰোগ।
থেলাছেমিয়া দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই এই ৰোগৰ বিষয়ে সজাগতা সৃষ্টিত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায়। এই ৰোগত ভুগি থকা সকলৰ স্বাস্থ্য ৰক্ষাৰ লগতে সামাজিক আৰু অন্যান্য ক্ষেত্ৰত তেওঁলোকক সমৰ্থন দিয়াতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। (AIRNEWS)