আজি বিশ্ব বন্যপ্ৰাণী দিৱস। এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণৰ স্বাৰ্থত উৎসৰ্গীকৃত মনোভাৱেৰে কাম কৰাৰ লগতে পৃথিৱীৰ পাৰিপাৰ্শ্বিক ভাৰসম্য ৰক্ষা কৰাৰ হকে সজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিগৰাকী নাগৰিককে আহ্বান জনায়। আমি পৰিৱেশ অনুকূল ব্যৱস্থাসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ লগতে জীৱ-জন্তুৰ প্ৰাকৃতিক বাসস্থানসমূহ বাধাগ্ৰস্থ নোহোৱাটো নিশ্চিত কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত লোকসকলক অভিবাদন জনাইছে। তেওঁ কয় যে দেশৰ বনাঞ্চলসমূহত সিংহ, বাঘ আৰু নাহৰফুটুকীকে ধৰি বিভিন্ন জন্তুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। তেওঁ লগতে দেশৰ বনাঞ্চল আৰু বন্যজন্তুৰ বাবে সুৰক্ষিত বাসস্থানসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ হকে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মত প্ৰকাশ কৰে। (AIR)