প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ আজি ৯৬ সংখ্যক জন্ম দিৱস। এই উপলক্ষে দিল্লীত থকা তেওঁৰ স্মাৰক সদেৱ অটলত গভীৰ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰা হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকসকলেও তেওঁৰ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰে।
উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বাজপেয়ীৰ জয়ন্তীত শ্ৰদ্ধা জনাই এটা টুইট বাৰ্তাত কয় যে তেওঁ এগৰাকী প্ৰতিষ্ঠিত সাংসদ হোৱাৰ লগতে দক্ষ প্ৰশাসক, প্ৰসিদ্ধ লেখক, সকলোকে আকৰ্ষণ কৰিব পৰা সুবক্তা হোৱাৰ উপৰিও এগৰাকী উদাৰ মানৱতাবাদী ব্যক্তি আছিল। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ উদ্দেশ্যে বাজপেয়ীয়ে প্ৰশাসনীক দিশত ভালেমান সুপৰিকল্পিত পৰিৱৰ্তন সাধন কৰিছিল। শ্ৰীনাইডুৱে কয় যে গণতন্ত্ৰক শক্তিশালী কৰি তোলাৰ লগতে দেশত সম্পৰ্ক স্থাপনৰ দিশত গ্ৰহণ কৰা বৈপ্লৱিক স্থিতিৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব। (AIRNEWS)