আজি মহালয়া। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো মহালয়া উপলক্ষে জনসাধাৰণৰ মাজত উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। কালি মাজনিশা ২ বাজি ৪৫ মিনিট ৫৮ ছেকেণ্ডৰ পৰা আজি নিশা ৩ বাজি ১৪ মিনিট ৪৮ ছেকেণ্ডলৈ মহালয়া পৰ্ব থাকিব। এই দিনটোতে দেৱী দুৰ্গা ধৰালৈ নামি আহে বুলি বিশ্বাস কৰা হয়। মহালয়াৰ দিনটোৰ পৰাই দেৱী পূজা আৰম্ভ হয়। আনহাতে, সমগ্ৰ ৰাজ্যতে দুৰ্গা পূজাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। পূজা কমিটীসমূহে মণ্ডপসমূহ আটক ধুনীয়াকৈ সজোৱাৰ প্ৰয়াস কৰাৰ বিপৰীতে মৃৎ শিল্পীসকলে মৃন্ময় প্ৰতিমা নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। ইপিনে, দুৰ্গা পূজাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ৰাজ্য চৰকাৰে আগতীয়াকৈ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মহালয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। (AIR NEWS)