A part of Indiaonline network empowering local businesses
Chaitra Navratri

আজিৰ পৰা বিমান বন্দৰ সমূহত ঘৰুৱা যাত্ৰীসকলৰ বাবে পৰীক্ষাৰ ব্যৱস্থা

news

গুৱাহাটী: ভয়ংকৰ ক’ৰণা ভাইৰাছ ৰোধ কৰাৰ বাবে ঘৰুৱা যাত্ৰীসকলক বিমান বন্দৰসমূহত পৰীক্ষণৰ ব্যৱস্থা কৰা হ’ব। এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। 

সোমবাৰলৈ অকল বিদেশৰ পৰা অহা আৰু ক’ৰণা ভাইৰাছ সংক্ৰমণৰ লক্ষণ দেখা দিয়া লোকসকলকহে কৰা হৈছিল এই পৰীক্ষণ। সাংবাদিকসকলক শৰ্মাই কয় যে “ভাৰতত আমি স্থানীয় সংক্ৰমণৰ পৰ্যায় এটাত আছো। দেশৰ পৰা দেশলৈ সংক্ৰমণৰ পৰ্যায় শেষ। সেয়েহে আমি মঙলবাৰৰ পৰা ঘৰুৱা যাত্ৰীসকলক পৰীক্ষণৰ ব্যৱস্থা কৰিম।“

স্বাস্থ্য মন্ত্ৰীজনে জানিব দিয়ে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এতিয়ালৈকে ২৯টা নমুনাৰ ২৮টা পৰীক্ষা কৰা হৈছে। ইয়াৰে ২৮টা নমুনাই ঋণাত্মক আনহাতে এজন ৰোগীৰ প্ৰতিবেদন এতিয়ালৈকে পোৱা নাই। ডিব্ৰুগড়ৰ লাহোৱালস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটো ক’ৰণা ভাইৰাছৰ ছটা নমুনা পৰীক্ষা কৰা হৈছে আৰু আটাইকেইটা ঋণাত্মক বুলি জানিব পৰা গৈছে। 

ইতিমধ্য শিক্ষানুষ্ঠানৰ লগতে উদ্যান তথা আন কিছু স্থান ২৯ মাৰ্চলৈকে বন্ধ ৰখা হৈছে যদিও শিক্ষকসকলক ক’ৰণা ভাইৰাছৰ সজাগতাৰ কাৰণে কাৰ্য্যব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে। (INDIA ONLINE)

1493 Days ago