গুৱাহাটী: আজিৰে পৰা আৰম্ভ হৈছে শিক্ষাৰ্থী জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিছে ছেবাই।
ৰাজ্যৰ ৮৬০টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব ৰাজ্যৰ ৩ লাখ ৫৮ হাজাৰ ৪৫৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,৬৭,৮৫০ গৰাকী ছাত্ৰ আৰু ১,৯০,৬০৩ গৰাকী ছাত্ৰী। ২৯ ফেব্ৰুৱাৰীত শেষ হ’ব পৰীক্ষা।
পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ হৈছে ছেবা। ইয়াৰ বাবে কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিছে কেতবোৰ নতুন নিয়ম।
এইবাৰ ৰাজ্যৰ ভিতৰত নগাঁও জিলাত সৰ্বাধিক ২৬,১৩৯ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ বিপৰীতে ডিমা হাছাও নিৰ্বনিম্ন পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ২,৭৬৪ গৰাকী। আনহাতে বিগত বৰ্ষতকৈ এইবাৰ ছেবাৰ পাঠ্যক্ৰমত ছয় হাজাৰৰো অধিক পৰীক্ষাৰ্থী বৃদ্ধি হৈছে। বিগত বৰ্ষত সৰ্বমুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩,৫২,১৪৩ গৰাকী। (INDIA ONLINE)