গুৱাহাটী: ভাৰত চৰকাৰ আৰু এনএছচিএন-আইএমে পুনৰ আৰম্ভ কৰিছে শান্তি আলোচনা। ইয়াৰ পিছতেই সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হ’বলগীয়া আলোচনাত এনএছচিএন-আইএমৰ দলটোক নেতৃত্ব দিছে সাধাৰণ সম্পাদক থুইংগালেং মুইভাই।
জানিৱব পৰা মতে এই আলোচনাত অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিও উপস্থিত থাকিব। জুলাইৰ ২০ তাৰিখৰ পৰা মুইভাই দিল্লীত বাহৰ পাতি আছে। এনএছচিএন-আইএমৰ শীৰ্ষ নেতৃত্বই নাগালেণ্ডৰ পৰা টাইমছ অৱ ইণ্ডিয়াক জনোৱা মতে, দলটোৱে এই অন্তিমলানি আলোচনাৰ পৰা ফলাফল আশা কৰিছে।
আনহাতে শান্তি আলোচনাত অংশগ্ৰহণকাৰী আনটো গোট নাগা নেশ্যনেল পলিটিকেল গ্ৰুপৰ সৈতে ভাৰত চৰকাৰে ইতিমধ্যে আলোচনা সমাপ্ত কৰিছে। অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰে উত্তৰ–পূবৰ শান্তিৰ কাৰণে টেলিফোনত এক আলোচনাত মিলিত হয় বুলি এক টুইট যোগে জানিবলৈ দিয়ে। (INDIAONLINE)