আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে, কোৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত, ভাৰতৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰিছে। এটা টুইটবাৰ্তা যোগে শ্ৰী বাইডেনে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে, তেওঁ এই সংক্ৰান্তত বাৰ্তালাপ কৰিছে আৰু এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ, জৰুৰীকালীন সহযোগিতা আৰু সম্পদৰ যোগান ধৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। তেওঁ কয় যে, ভাৰতে সদায় আমেৰিকাৰ সৈতে থিয় দি আহিছে আৰু আমেৰিকাও ভাৰতৰ সৈতে থাকিব। দুয়োগৰাকী নেতাই দুয়োখন দেশতে, সম্প্ৰতি পুনৰ দেখা দিয়া কোৱিড-১৯ সৃষ্ট পৰিস্থিতিৰ সন্দৰ্ভত, বিতংভাৱে আলোচনা কৰে। তেওঁলোকৰ আলোচনাত, ভাৰতত সম্প্ৰতি মহামাৰীৰ দ্বিতীয়টো ঢৌ, প্ৰতিহত কৰাৰ বাবে চলোৱা প্ৰচেষ্টা, প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰু জৰুৰী ঔষধ তথা চিকিৎসা সা- সঁজুলিৰ, যোগান নিশ্চিতকৰণ সন্দৰ্ভত, আলোচনা কৰা হয়। ৰাষ্ট্ৰপতি বাইডেনে, ভাৰতৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে, যুক্তৰাষ্ট্ৰই খৰতকীয়াভাৱে, ভেণ্টিলেটৰ, ঔষধ, চিকিৎসা সা-সঁজুলিকে ধৰি, কোভিশ্বিল্ড প্ৰতিষেধক উৎপাদনৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ উৎসসমূহ চিনাক্ত কৰি ইয়াক যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰক এই সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে, আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। (AIR NEWS)