A part of Indiaonline network empowering local businesses
Chaitra Navratri

ইউক্ৰেইনৰ ছুমীত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে ইউক্ৰেইন চৰকাৰলৈ সহায়ৰ আহ্বান প্ৰধানমন্ত্ৰী মো

news

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছুমীত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰৰ ক্ষেত্ৰত ইউক্ৰেইন চৰকাৰৰ সহায় বিচাৰে। শ্ৰীমোডীয়ে লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক ভাৰতীয়সকলক উদ্ধাৰৰ ক্ষেত্ৰত আগবঢ়াই অহা সহযোগৰ বাবে ধন্যবাদ জনায়। শ্ৰীমোডীয়ে টেলিফোনেৰে ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে ৩৫ মিনিটৰো অধিক সময় কথা পাতে। দুয়োগৰাকী নেতাই ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰীমোডীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘাত দূৰ কৰাৰ বাবে দুয়োখন দেশৰ মাজত আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰখাৰ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে আজি টেলিফোনযোগে ৰাছিয়াৰ ভ্লাডিমিৰ পুটিনৰ সৈতেও আলোচনাত মিলিত হ’ব। যোৱা সপ্তাহতো প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে ইউক্ৰেইন সংঘাতক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে টেলিফোনত কথা পাতিছিল। এই আলোচনাত ইউক্ৰেইনত চলি থকা সামৰিক অভিযানৰ লগতে বিশেষকৈ খাৰকিভত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বিষয়টোৱে ঠাই পাইছিল। দুয়োগৰাকী নেতাই সংঘৰ্ষজৰ্জৰ অঞ্চলৰ পৰা সুকলমে স্থানান্তৰ কৰাৰ বিষয়ে মত-বিনিময় কৰিছিল। (AIRNEWS)

773 Days ago