A part of Indiaonline network empowering local businesses
Chaitra Navratri

ইছৰোৰ পুনৰ ব্যৱহাৰ যোগ্য উৎক্ষেপণ যানৰ স্বয়ংক্রিয় অৱতৰণ অভিযানৰ সফল পৰীক্ষা সম্পন্ন

News

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই পুনৰ ব্যৱহাৰ যোগ্য উৎক্ষেপণ যানৰ স্বয়ংক্রিয় অৱতৰণ অভিযানৰ সফল পৰীক্ষা সম্পন্ন কৰিছে। আৰ এল ভি এল ই এক্স নামৰ পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ যানখনৰ পৰীক্ষা দেওবাৰে নিচেই পুৱা কৰ্ণাটকৰ চিত্ৰদুৰ্গৰ পৰীক্ষণ থলীত সম্পন্ন কৰা হয়। পৰীক্ষণৰ সময়ত বায়ু সেনাবাহিনীৰ চিনুক হেলিকাপ্টাৰেৰে উৎক্ষেপণ যানখনক ৪.৫ কিলোমিটাৰ উচ্চতালৈ লৈ গৈ শূন্যত এৰি দিয়া হয়। তাৰ পৰা উৎক্ষেপণ যানখনে প্রতি ৩৫০ কিলোমিটাৰ বেগেৰে বিমানঘাটিত স্বয়ংক্রিয়ভাবে অৱতৰণ কৰে। পৰীক্ষণ কালত যানখনে দহটা মানদণ্ডৰ আটাইকেইটাতে উত্তীর্ণ হয়। এই পৰীক্ষাৰ লগে লগে ভাৰত পুনৰব্যৱহাৰ যোগ্য উৎক্ষেপণ যান নিৰ্মাণৰ আৰু এঢাপ কাষ চাপি গ'ল। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই পৰীক্ষাৰ সৈতে জড়তি বিজ্ঞানিসকলৰ অভিনন্দন জনাইছে। (AIR NEWS)

381 Days ago