A part of Indiaonline network empowering local businesses
Chaitra Navratri

ইম্ফলত ২২ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

news

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মণিপুৰৰ ইম্ফলত ৪ হাজাৰ ৮০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ২২ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰায় এহেজাৰ ৮৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা ১৩টা প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহে পথ নিৰ্মাণ, খোৱা পানীৰ যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ, দক্ষতা বিকাশ, কলা সংস্কৃতি আদি ক্ষেত্ৰসমূহক সামৰি লৈছে। প্ৰধানমন্ত্ৰীয়ে ইম্ফলৰ বৰাক নৈৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰো শুভাৰম্ভ কৰে। এই দলংখনে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ লগতে শিলচৰৰ পৰা ইম্ফললৈকে যাতায়ত সুগম কৰি তুলিব। মণিপুৰ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী ত্ৰিপুৰালৈ যাব। তাত তেওঁ মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা আৰু বিদ্যাজ্যোতি বিদ্যালয়ৰ মিছন হাণ্ড্ৰেড প্ৰকল্প মুকলি কৰিব। প্ৰায় ৩০ হাজাৰ বৰ্গ মিটাৰতকৈও অধিক পৰিসৰৰ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰৰ অত্যাধুনিক সা-সুবিধাযুক্ত নতুন ভৱনটো প্ৰায় ৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে। বিদ্যাজ্যোতি বিদ্যালয়ৰ মিছন হাণ্ড্ৰেড প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰকল্পই প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰায় ১ লাখ ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব আৰু অহা ৩ বছৰত এই প্ৰকল্পৰ বাবে প্ৰায় ৫০০ কোটি টকা ব্যয় হ’ব। (AIRNEWS)

835 Days ago