উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ সাংবাদিক তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী, আৰু আন দুজন লোকৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে । ২০১৮ চনত এগৰাকী ইণ্টেৰিঅ’ৰ ডিজাইনাৰক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা বুলি উঠা অভিযোগৰ গোচৰত শ্ৰীগোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।
সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে ৫০ হাজাৰ টকা বন্দৰ বিনিময়ত শ্ৰীগোস্বামীৰ লগতে নীতিশ সাৰদা আৰু পাৰবিন ৰাজেশ সিঙৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰে । ন্যায়ালয়ে লগতে অৰ্ণৱ গোস্বামী আৰু আন দুজন লোকক তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰাৰ লগতে সাক্ষ্য প্ৰমাণক লৈ কোনো ধৰণৰ খেলি-মেলি নকৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে, বোম্বে উচ্চ ন্যায়ালয়ে পৰহি শ্ৰী গোস্বামীক অন্তৰ্ৱৰ্তীকালীন জামিন দিবলৈ অগ্ৰাহ্য কৰাৰ লগতে নিম্ন আদালতত আবেদন জনাবলৈ পৰামৰ্শ আগবঢ়াইছে । ইয়াৰ পাছতে সাংবাদমিকগৰাকী সৰ্বোচ্চ ন্যায়ালৰ দ্বাৰস্থ হয় । (AIR NEWS)